আধাৰ পৰিচয় মঞ্চ ‘ডিজিটেল ইণ্ডিয়া’ৰ অন্যতম মূল স্তম্ভ, য’ত দেশৰ প্ৰতিজন ব্যক্তিক এক সুকীয়া পৰিচয় প্ৰদান কৰা হয়। আধাৰ কাৰ্যসূচী বিশ্বৰ ভিতৰতে এটি বিশাল বায়’মেট্ৰিক্স ভিত্তিক চিনাক্তকৰণ ব্যৱস্থা। আধাৰ কি আধাৰ নম্বৰ হৈছে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণে নিৰ্ধাৰণ কৰা পৰীক্ষণ প্ৰক্ৰিয়া সন্তুষ্ট কৰাৰ পিছত ভাৰতৰ বাসিন্দা বা প্ৰবাসী ভাৰতীয়ক (এন আৰ আই) প্ৰদান কৰা ১২ সংখ্যাৰ ৰেণ্ডম নম্বৰ। বয়স আৰু লিংগ নিৰ্বিশেষে যিকোনো ব্যক্তিয়ে ভাৰতৰ বাসিন্দা বা প্ৰবাসী ভাৰতীয় স্বেচ্ছাই আধাৰ নম্বৰ লাভৰ বাবে পঞ্জীয়ন কৰিব পাৰে। পঞ্জীয়ন কৰিবলৈ ইচ্ছুক ব্যক্তিয়ে পঞ্জীয়ন প্ৰক্ৰিয়াৰ সময়ত নূন্যতম তথ্য আৰু বায়’মেট্ৰিক তথ্য প্ৰদান কৰিব লাগিব, যিটো বিনামূলীয়া। এজন ব্যক্তিয়ে আধাৰৰ বাবে মাত্ৰ এবাৰহে পঞ্জীয়ন কৰিব লাগিব আৰু ডি-ডুপ্লিকেচনৰ পিছত মাত্ৰ এটা আধাৰহে সৃষ্টি হ’ব, কিয়নো তথ্য আৰু বায়’মেট্ৰিক ডি-ডুপ্লিকেচন প্ৰক্ৰিয়াৰ জৰিয়তে জাৰি কৰা হয়। আধাৰ নম্বৰ এবাৰ জাৰি কৰিলে কেতিয়াও আন ব্যক্তিক পুনৰ জাৰি কৰা নহয়। আধাৰে ব্যক্তিগত তথ্য লিপিবদ্ধ নকৰে। ইয়াত জাতি, ধৰ্ম, আয়, স্বাস্থ্য ওপৰত ভিত্তি কৰি মানুহৰ প্ৰফাইল কৰা নহয়। আধাৰ নম্বৰটো হৈছে Digital Identity, যিটো যিকোনো সময়তে যিকোনো ঠাইতে পৰীক্ষা কৰিব পাৰি। ই কোনো আধাৰ নম্বৰধাৰীৰ ক্ষেত্ৰত নাগৰিকত্ব বা বাসস্থানৰ কোনো অধিকাৰ প্ৰদান নকৰে। আধাৰৰ যাত্ৰা উৎস : ইউআইডিএআই চাইট